
moi jetiya ei jibonor Bhupen Hazarika's song full lyrics
Dr. Bhupen Hazarika evergreen Assamese song moi jetiya ei jibonr full lyrics
ড° ভূপেন হাজৰিকাৰ গান
মই যেতিয়া এই জীৱনৰ গানৰ full Lyrics
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম..
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম,
আশাকৰো মোৰ চিতাৰ কাষত
তোমাৰ সঁহাৰি পাম,
নেলাগে মোৰ সোঁৱৰণি সভা
নেলাগে মিছা নাম,
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম,
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম…
সমূহৰ বাবে গীত গাই গাই
তোমাক পাহৰি গ’লো,
সেয়েহে হ’বলা ভৰ জীৱনতে
তোমাকো হেৰুৱালো,
এই ক্ষোভে মোক দহিছে আজিও
শান্তি ক’তেনো পাম,
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম,
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম…
মোৰ জীৱনৰ সংগ্ৰামখিনি
ফঁহিয়াই চালে পাম,
মোৰ জীৱনৰ সংগ্ৰামখিনি
ফঁহিয়াই চালে পাম,
তুমি নিদিয়া মৰমখিনিতে
আছিল সৰগী ধাম,
সেই সৰগী ধামখনি মই
তোমাৰ বুকুতে পাম,
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম,
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম…
0 Response to "moi jetiya ei jibonor Bhupen Hazarika's song full lyrics "
Post a Comment