
Asto akaxar hopun rohon hani Bhupen Hazarika song full lyrics
Thursday, September 1, 2022
Comment
অস্ত আকাশৰ সপোন ৰহণ সানি গানৰ lyrics। ড° ভূপেন হাজৰিকাৰ গানৰ Lyrics
Bhupen Hazarika song's full lyrics
Asto akaxar hopun rohon hani song full lyrics
অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী।
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়।
কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে
ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায়।
দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস
কত যুগৰ, শত আশা-নিৰাশাৰে নিশ্বাস।
লক্ষ্য যদি দিগন্ত শিল্পী হে' তোমাৰ
পদুমৰে পানচৈ চপোৱাঁ এবাৰ
দেখিবা, জীৱনৰে দিগন্ত অপাৰ।
বেলি যে যায়, বেলি যে যায়
বেলি যে যায়।।
0 Response to "Asto akaxar hopun rohon hani Bhupen Hazarika song full lyrics"
Post a Comment