
Tumi biyar nixar lyrics || Bhupen Hazarika|| Assamese Song
Saturday, August 20, 2022
Comment
ভূপেন হাজৰিকাৰ গানৰ Lyrics
তুমি বিয়াৰ নিশাৰ lyrics
Dr. Bhupen Hazarika song's lyrics
Tumi biyar nixar lyrics
তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ
তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা
তোমাৰ মূল্য এনিশাৰ ।
পিচৰ দিনা সূৰুয উঠাৰ
পিচৰ বাহী শয্যাত
তুমি মূল্যবিহীন ভাৰ।।
তুমি ফুলিছিলোঁ আশাৰে বহুত
আঁচনিকে লৈ
গন্ধবিহীন কোঠাতে তুমি
সুৰভি বিলাবলৈ
মালীয়ে তোমাক ছিঙাৰ পিচত
কিয় কৰা হাহাকাৰ ।।
ফুলশয্যা পাটগাভৰুৱে
তোমাৰেই সজালে
কইনা-দৰাই কত আলেফুলে
তোমাকেই পৰশিলে
(পিচে) পুৱাতে তোমাক সাৰি-পুচি দেখোঁ
নিবিচাৰে এটিবাৰ।
তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা
তোমাৰ মূল্য এনিশাৰ |
0 Response to "Tumi biyar nixar lyrics || Bhupen Hazarika|| Assamese Song"
Post a Comment