
Bistirno parore Bhupen hazarika song lyrics বিস্তীৰ্ণ পাৰৰে ড° ভূপেন হাজৰিকাৰ গানৰ Lyrics
Thursday, June 30, 2022
Comment
ড° ভূপেন হাজৰিকাদেৱৰ বিস্তীৰ্ণ পাৰৰে গানটোৰ Lyrics
বিস্তীর্ণ পাৰৰে
ভূপেন হাজৰিকা
বিস্তীর্ণ পাৰৰে
অসংখ্য জনৰে
হাহাকাৰ শুনিও
নিঃশব্দে নীৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱাঁ কিয়?
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নির্লজ্জ অলসভাৱে বোৱাঁ কিয়?
জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃত্ববিহীনতাত নিমাত কিয়?
সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল সংগ্রামী
আৰু অগ্রগামী
কৰি নোতোলাঁ কিয়?
ব্যক্তি যদি ব্যক্তিকেন্দ্রিক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয়?
তুমি যদি ব্ৰহ্মৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্র
নহ'লে প্ৰেৰণা নিদিয়া কিয়?
উন্মত্ত ধৰাৰে
শৰশয্যাকে
আলিংগন কৰা
ভীষ্মৰূপী
অজস্র বীৰক
জগাই নোতোলাঁ কিয়?
0 Response to "Bistirno parore Bhupen hazarika song lyrics বিস্তীৰ্ণ পাৰৰে ড° ভূপেন হাজৰিকাৰ গানৰ Lyrics "
Post a Comment